শ্বেয়াৰ বজাৰৰ খবৰ: ঊৰ্ধগামী বেঞ্চমাৰ্ক সূচক, চাওক ভিডিঅ’

Apr 21, 2025 | 11:34 PM

ভাৰতৰ বজাৰৰ লগতে আজি চীনা সূচক হেংছেঙো ঊৰ্ধগামী হয় । ৩৩৮ পইন্ট বাঢ়িছে এই সূচক । অৱশ্যে আজি নিম্নগামী হয় জাপানী সূচক । দেশখনৰ সূচক নিক্কেই হ্ৰাস পায় ৪৫০ পইন্ট ।

আজি সপ্তাহৰ প্রথম দিনাই ২৭৩ পইন্ট বাঢ়িল দেশৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । আনহাতে, ৮৫৫ পইন্ট বাঢ়িছে আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স ।

বেঞ্চমার্ক সূচকৰ লগত ফেৰ মাৰি বাঢ়িছে অন্যান্য সূচকসমূহো । ১,৩১৬ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড । নিফটি নেক্সট ফিফটি বাঢ়িছে ১,১৫০ পইন্ট । একেদৰে ১,১২৮ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ১,০১৪ পইন্ট বাঢ়িছে নিফটি বেংক ।

ভাৰতৰ বজাৰৰ লগতে আজি চীনা সূচক হেংছেঙো ঊৰ্ধগামী হয় । ৩৩৮ পইন্ট বাঢ়িছে এই সূচক । অৱশ্যে আজি নিম্নগামী হয় জাপানী সূচক । দেশখনৰ সূচক নিক্কেই হ্ৰাস পায় ৪৫০ পইন্ট ।

শ্বেয়াৰ বজাৰৰ এই ধৰণৰ গৱেষণামূলক প্ৰতিবেদন ভাল লাগিলে লাইক কৰক । কোনো শ্বেয়াৰৰ বিষয়ে জানিব খুজিলে কমেন্টযোগে জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই শ্বেয়াৰৰ বিষয়ে আলোচনা কৰিম ।

২১ এপ্ৰিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9- অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভাল দৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।