Assam News: পলকতে চাওক দিনটোৰ বহুকেইটা ডাঙৰ খবৰ

| Edited By: Trishna Kalita

| Mar 01, 2025 | 11:12 PM

এইবাৰ হ'ব সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগৰ তদন্ত।দিল্লীত উপস্থিত অসম আৰক্ষীৰ SITৰ দল। ইয়াৰ লগতে পলকতে চাওক ৰাজ্যৰ আৰু দেশ-বিদেশৰ বহু খবৰ।

সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে অভিযোগ। এলিজাবেথৰ পাকিস্তানৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক! বহুদিনৰ পৰা মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ তৰ্ক-বিতৰ্কৰ পিছত এইবাৰ পুনৰ চৰ্চা চলিছে গৌৰৱৰ পত্নীৰ।

এইবাৰ হ’ব সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগৰ তদন্ত। দিল্লীত উপস্থিত অসম আৰক্ষীৰ SITৰ দল। পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেইখ আৰু এলিজাবেথৰ যোগসূত্ৰক লৈ এইবাৰ আৰক্ষীয়ে কৰিব তদন্ত। আলী তাকিৰ শ্বেইখৰ NGOই প্ৰকৃততে দিল্লীত কি কৰে তাৰো তথ্য সংগ্ৰহ কৰিব। দলটোৱে পৰীক্ষা কৰিব এলিজাবেথৰ পাছপোৰ্ট, ভিছা আদিও। বৰ্তমান CM VIGILANCEৰ অধীক্ষক ৰোজী কলিতাৰ নেতৃত্বত গৈছে এই বিশেষ দলটো। ইয়াৰ লগতে পলকতে চাওক ৰাজ্যৰ আৰু দেশ-বিদেশৰ বহু খবৰ।