Assam News: পঞ্চায়ত নিৰ্বাচনৰ পৰা লতাশিলৰ বিহু সম্ৰাজ্ঞীলৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
শ্ৰীভূমি জিলাৰ কান্দিগ্ৰামত জব্দ বুজন সংখ্যক নিচাজাতীয় টেবলেট । ১.৫ লাখ য়াবা টেবলেটসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী । মুখ্যমন্ত্ৰীয়ে এক্সহেণ্ডেলযোগে প্ৰকাশ কৰে এই তথ্য ।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
১. শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই অগ্ৰগতি লাভ কৰা বুলি ঘোষণা কৰে । ইতিমধ্যে এন ডি এই বিনা প্ৰতিদ্বন্দ্বিতাৰে ৩২৫খন আসন লাভ কৰা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত এয়া “অভূতপূৰ্ব জনাদেশ” বুলি অভিহিত কৰে ডঃ শৰ্মাই ।
২. পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে কংগ্ৰেছক সমালোচনা প্রাক্তন সাংসদ পল্লৱ লোচন দাসৰ । তেওঁ কয় যে, কংগ্ৰেছ দলত প্রতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ । কোনোবাই কাৰোবাক ধমকি দিলে প্রার্থিত্ব উঠাই ল’ব এয়া অসম্ভৱ কথা । গণতান্ত্রিক দেশত এনে কার্য অসম্ভৱ ।
৩. শ্ৰীভূমি জিলাৰ কান্দিগ্ৰামত জব্দ বুজন সংখ্যক নিচাজাতীয় টেবলেট । ১.৫ লাখ য়াবা টেবলেটসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী । মুখ্যমন্ত্ৰীয়ে এক্সহেণ্ডেলযোগে প্ৰকাশ কৰে এই তথ্য ।
৪. পঞ্চায়ত নিৰ্বাচনক লৈ অব্যাহত আছে শাসক-বিৰোধীৰ যুঁজ । পঞ্চায়ত নিৰ্বাচনত ভয়-ভাবুকি প্ৰদানৰ অভিযোগ তুলি অনুসন্ধানকাৰী সমিতি গঠনৰ পোষকতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
৫. উদ্ধাৰ হ’ল ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা সাগৰ তিমচিনাৰ মৃতদেহ । বুধবাৰে বিয়লি বন্ধুৰ সৈতে পানীখাইতিৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল যুৱকজন । তাৰ পাছতেই তেওঁ লুইতত সন্ধানহীন হয় ।
৬. লতাশিল বিহুৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিলে মৰাণৰ লীজামণি শেনচোৱাই । ৯ গৰাকী বিহুৱতীয়ে এই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । অৱশেষত বিজয়ৰ মুকুট পিন্ধে মৰাণৰ লিজাই ।
৭. পঞ্জাৱ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী তথা খাদূৰ চাহেবৰ সাংসদ অমৃতপাল সিঙৰ বন্দিত্ব এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি শুকুৰবাৰে সূত্ৰৰ পৰা জানিব পৰা গৈছে । বৰ্তমান অসমৰ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙক ২০২৩ চনৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত বন্দী কৰি ৰখা হৈছিল ।
৮. কংগ্ৰেছে সদায় অসমক বদনাম কৰিবলৈ চেষ্টা কৰি থাকে । এই অভিযোগ তুলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ভয়-ভাবুকি প্ৰদানৰ অভিযোগ তোলাৰ সময়তে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
৯. আই পি এলত আজিৰ খেলত মুখামুখি হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ । বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন । বৰ্তমানলৈকে পইন্ট তালিকাত আৰ চি বি তৃতীয় আৰু পঞ্জাব চতুৰ্থ স্থানত আছে ।