Assam News: আজিৰ শীৰ্ষ খবৰসমূহ চাওক ভিডিঅ’যোগে
অসমত বিহাৰ দিৱস উদযাপন কৰাৰ এই কাৰ্যক উৎসাহিত নকৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে । ইয়াৰ লগতে চাওৰ পলকতে দেশ-বিদেশৰ বহু খবৰ।
অসমত বিহাৰ দিৱস আয়োজন কৰাক লৈ কোনো সমস্যা নাই অসমৰ মুখ্যমন্ত্ৰীৰ। শেহতীয়াকৈ অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱাৰ বিতৰ্কৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । তেওঁ কয়, “অসমত বিহাৰ দিৱস পালন কৰাত বিৰোধিতা কৰাৰ কোনো যুক্তি আছে বুলি নাভাবো। অসম দিৱস ভাৰতৰ সকলো ৰাজ্যতে পালন কৰা হয়।”
ইফালে ৰাজ্যৰ ভিন্ন দল-সংগঠনৰ লগতে অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসমত বিহাৰ দিৱস পতাৰ কোনো যুক্তি নাই । বিহাৰত অসম দিৱস জিলাই জিলাই পতাৰ খবৰো কাৰো হাতত নাই।” লগতে অসমত বিহাৰ দিৱস উদযাপন কৰাৰ এই কাৰ্যক উৎসাহিত নকৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে ।
ইয়াৰ লগতে চাওৰ পলকতে দেশ-বিদেশৰ বহু খবৰ।