Top News: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Apr 19, 2025 | 9:49 PM

আজি চেনেহী বিহু। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আৱেগ। সাত বিহুৰ আজি ষষ্ঠ দিন। যষ্ঠ দিনটোত বিয়া দিয়া জীয়ৰীক পিতৃগৃহলৈ আহে। সেয়ে এই দিনটোক ‘জীয়ৰী বিহু বুলিও কয়।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) ২৬ ৰ নিৰ্বাচনত ঐক্যবদ্ধ হোৱাৰ সংকল্প বিৰোধীৰ। ডঃ হিৰেণ গোঁহাইৰ আহ্বানত বৈঠকত মিলিত হোৱা বিৰোধীক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মন্ত্ৰীগৰাকীয়ে কয়, শচীন টেণ্ডুলকাৰক যদি স্পেছৰ কথা সোধে ক’ত ক’ব পাৰিব। যদি তেওঁক চন্দ্ৰযান চলাব দিয়ে তেন্তে এক্সিডেণ্ট হ’ব। তেনেদৰে ড° হীৰেন গোহাঁই এগৰাকী বামপন্থী লেখক। তেখেতেক যদি ৰাজনীতিত লগাই দিয়ে দুৰ্ঘটনা হ’বই।’

B) আজি চেনেহী বিহু। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আৱেগ। সাত বিহুৰ আজি ষষ্ঠ দিন। যষ্ঠ দিনটোত বিয়া দিয়া জীয়ৰীক পিতৃগৃহলৈ আহে। সেয়ে এই দিনটোক ‘জীয়ৰী বিহু বুলিও কয়।

C) দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হিমন্ত বিশ্ব শৰ্মাৰ। ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী, অসম বায়’-ইথান’ল প্ৰকল্পৰ উদ্বোধনী কাৰ্যসূচী, গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাসৰ বাবে নিমন্ত্ৰণ জনায়। ৮ ছেপ্টেম্বৰত অনুষ্ঠিতব্য এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী।

D) কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাক লৈ ক্ষোভত জ্বলিছে শিল্পী সমাজ। ৭ বিহুৰ ভিতৰতে চানমাৰি বিহু সন্মিলনক ক্ষমা খোজাৰ দাবী মানস ৰবীনৰ। ইফালে কণ্ঠশিল্পী দিপলীনা আৰু প্ৰিয়ংকা ভৰালীয়ো উজাৰিছে ক্ষোভ।

E) টিকটৰ নামত ধনৰ লেনদেন ! অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত সমিতি গঠন কৰিছে। এই পদক্ষেপে দলটোৰ আভ্যন্তৰীণ অনুশাসন, স্বচ্ছতা আৰু জবাবদিহিতাৰ ক্ষেত্ৰত দলটোৰ দৃঢ় স্থিতিক প্ৰতিফলিত কৰিছে । APCC য়ে গঠন কৰিলে তিনিজনীয়া তদন্ত কমিটী।

F) বাংলাদেশৰ ৰাজধানী ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ুৰ মাত্ৰা। চহৰখনৰ বায়ুৰ গুণাগুণ আৰু প্ৰদূষণৰ ৰেংকিঙ অনুসৰি ঢাকাৰ বায়ুক “অস্বাস্থ্যকৰ” বুলি অভিহিত। আজি পুৱা ৯:০৫ বজাত ১৭৩ টা AQI সূচকাংকৰে বায়ুৰ মানদণ্ড বেয়া চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰে। ইফালে ভাৰতৰ ৰাজধানী দিল্লী AQI ১৪৯ ৰে আছে দ্বিতীয় স্থানত।

G) কানাডাত ভাৰতীয় ছাত্ৰীক হত্যা!ভাৰতীয়ৰ বাবে মৃত্যুস্থলীলৈ ৰূপান্তৰ হৈছে কানাডা। কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে ছাত্ৰীগৰাকীক। হেমিল্টন চহৰত হৰসিমৰাট ৰান্ধৱা নামৰ ভাৰতীয় ছাত্ৰীগৰাকীক হত্যা কৰে।

H) দিল্লীৰ মুছটাফাবাদত ভয়ংকৰ অঘটন। খহি পৰিল এটা ৪ মহলীয়া অট্টালিকা। পুৱতি নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হয় । এতিয়ালৈকে কমেও ৪ জন লোকৰ মৃত্যু । অব্যাহত আছে উদ্ধাৰ অভিযান ।

I) আজি আই পি এলৰ দুখন মেচ অনুষ্ঠিত হৈছে। ৩ঃ৩০ বজাৰ মেচত মুখামুখি হৈছে দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ। আনহাতে সন্ধিয়া ৭ঃ৩০ বজাত ৰাজস্থান ৰয়েলচ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মেচ।