Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
শীঘ্ৰে মুকলি হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। পূৰ্ণ গতিৰে চলিছে কাম, ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । আটক-ধুনীয়া হৈ পৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙখন।
ভাওনাক লৈ কটু মন্তব্য কৰাৰ অভিযোগ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। গুৰুজনাৰ সৃষ্টি ভাওনাক অপমান আৰু সমষ্টিত মন্ত্ৰীগৰাকীয়ে কৰা অসাংবিধানিক মন্তব্য, এই দুই প্ৰসংগক লৈ সদনত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হ’ল ভৰ্ৎসনা প্ৰস্তাৱ। বিধানসভাৰ অধ্যক্ষক এই প্ৰস্তাৱ প্ৰদান কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ অভিযোগ আহিছে সেই মন্তব্য এজন জ্যেষ্ঠ সাংবাদিকে ৰাজহুৱা কৰিছিল। গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনালৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে মন্ত্ৰীয়ে কৈছিল “ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট।” কথাখিনি ফেচবুকত ৰাজহুৱা কৰিছিল জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মাই।