Assam News: পলকতে চাওক দিনটোত ৯ টা গুৰুত্বপূৰ্ণ খবৰ

Mar 08, 2025 | 9:52 PM

১০ মাৰ্চত বাজেট উপস্থাপন কৰিব অজন্তা নেওগে। পুৱা ১১.৩০ বজাত বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্রীগৰাকীয়ে। লগতে চাওক দেশৰ ভিন্ন প্ৰান্তৰ বহু খবৰ...

আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য তথা অধিকাৰক লৈ সমগ্ৰ বিশ্বত উদযাপিত আজিৰ এই দিনটো প্ৰতিগৰাকী নাৰীৰ বাবে বিশেষ। সাম্প্ৰতিক সময়ত প্ৰতিগৰাকী নাৰীৰ দৃঢ়তা আৰু কৰ্মমুখীতা সকলোৰে বাবে অনুপ্ৰেৰণাৰ অন্যতম কাৰক হৈ পৰিছে। এই নাৰী দিৱসত  ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাই বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ।

ইফালে নাৰী দিৱসৰ অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।  তেওঁ কয়, ‘এইবাৰ এখন আমি ভাল বাজেট দিব চেষ্টা কৰিম। মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বাজেটত গুৰুত্ব দিয়া হৈছে।’  ১০ মাৰ্চত বাজেট উপস্থাপন কৰিব অজন্তা নেওগে। পুৱা ১১.৩০ বজাত বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্রীগৰাকীয়ে। লগতে চাওক দেশৰ ভিন্ন প্ৰান্তৰ বহু খবৰ…