আপুনিও পাব সুযোগ! ইলন মাস্কৰ কোম্পানী টেছলাই ভাৰতীয়ক দিব চাকৰি

| Edited By: Barasha Misra

Feb 19, 2025 | 8:27 PM

এইবাৰ পুনৰ ভাৰতলৈ ব্যৱসায়ৰ হাত আগবঢ়াইছে টেছলাই। কোম্পানীটোৱে নিযুক্তিৰ বাবে ঘোষণা কৰা ১৩টা পদৰ ভিতৰত আছে চাৰ্ভিচ এডভাইজাৰ, ষ্ট’ৰ মেনেজাৰ, কাষ্টমাৰ চাপৰ্ট স্পেচিয়েলিষ্ট, চাৰ্ভিচ মেনেজাৰ, আৰু চাৰ্ভিচ টেকনিচিয়ান আদি।

কিছুদিন পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিছিল টেছলাৰ চিইঅ তথা বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কক। এই সাক্ষাতৰ কিছুসময় পাছতেই টেছলাই কৰিছে এক ডাঙৰ ঘোষণা। এই ঘোষণা অনুসৰি ভাৰতীয়ক নিযুক্তিৰ বাবে ১৩ টা পদ মুকলি কৰিছে টেছলাই। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই ইয়াৰ পূৰ্বেও ভাৰতত ব্যৱসায় কৰাৰ মন মেলিছিল। যোৱা বছৰো মাস্ক ভাৰতলৈ অহাৰ কথা আছিল। অৱশ্যে সেই সময়ত তেওঁ ভাৰতলৈ নাহি পোনে পোনে চীনলৈ গৈছিল।