মাত্ৰ ১০ ছেকেণ্ডতে ধ্বংস হ’ব পাকিস্তান! ভাৰতৰ হাতত আছে ব্ৰহ্মাস্ত্ৰ
ভাৰতৰ অগ্নি-৫ আৰু অগ্নি প্ৰাইম ক্ষেপণাস্ত্ৰ এম আই আৰ ভি ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ আধাৰত নিৰ্মিত ক্ষেপণাস্ত্ৰ । ই ৫৫০০-৫৮০০ কিলোমিটাৰ দূৰলৈকে আক্ৰমণ কৰিব পাৰে । এটা মাত্ৰ ক্ষেপণাস্ত্ৰই ১৪খন চহৰক একেলগে ধ্বংস কৰিব পাৰে ।
গাজাত ইজৰাইলৰ আক্ৰমণ বা ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে সাধাৰণ জনতাক দেখুৱাইছে যে আধুনিক যুদ্ধ কিমান ভয়ানক হ’ব পাৰে । মানুহে দেখিছে এখন মাত্ৰ ড্ৰ’ন বা এটা মিছাইলে কেইছেকেণ্ডমানৰ ভিতৰতে এখন চহৰ কিদৰে নিঃশেষ কৰি দিয়ে । বন্দুক কান্ধত লৈ শত্ৰুৰ সীমাত আক্ৰমণ কৰাৰ দিন প্ৰায় শেষ হ’ল! এতিয়া প্ৰয়োজন হৈছে এনে অস্ত্ৰ যি বুটাম টিপিলেই বহু দূৰৰ পৰা নিখুঁতভাৱে লক্ষ্যত আঘাত হানিব পাৰে ।
নৰেন্দ্ৰ মোদীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতেও প্ৰতিদিনে আধুনিকীকৰণ তথা শক্তিশালী কৰিছে নিজৰ অস্ত্ৰভাণ্ডাৰ । প্ৰতিৰক্ষা খণ্ডত আবণ্টন বৃদ্ধিৰ লগতে ব্যৱহাৰ হৈছে বিদেশী প্ৰযুক্তি । ঘৰুৱা প্ৰযুক্তিৰ ক্ষেত্ৰতো দেখা গৈছে সফলতা । ভাৰতৰ ক্ষেপণাস্ত্ৰ, যুঁজাৰু বিমান, যুদ্ধ জাহাজে এতিয়া শত্ৰুক স্থল, জল আৰু আকাশত নিঃশেষ কৰিব পাৰে ।
সংঘাতপূৰ্ণ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ কথা মনত ৰাখি ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰত এনে এটা অস্ত্ৰ আছে যিয়ে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে শত্ৰুৰ ঘাটি ধ্বংস কৰিব পাৰে । আগতীয়া বিপদৰ কথা মনত ৰাখি ভাৰতীয় সেনাই নিজৰ অস্ত্ৰভাণ্ডাৰত সযতনে মজুত কৰি ৰাখিছে এই অস্ত্ৰ ।
ৰাছিয়াৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম)ৰ সামৰ্থ প্ৰকাশ পাইছিল ২ বছৰতকৈও অধিক সময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত । যিবোৰ মাল্টিপল ইণ্ডিপেণ্ডেণ্টলী ৰি-এণ্ট্ৰি ভেহিকেল বা MIRV মিছাইল প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । এম আই আৰ ভি মিছাইল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ৰাছিয়াৰ ইখনৰ পিচত সিখন আই চি বি এম বিমানে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলায় । বিশ্বৰ কোনো এণ্টি বেলিষ্টিক মিছাইল ব্যৱস্থাই তেওঁলোকক বাধা দিব নোৱাৰে । এই ক্ষেপণাস্ত্ৰই মাত্ৰ ১০ ছেকেণ্ডতে শত্ৰুক ধৰাশায়ী কৰিব পাৰে । খোদ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত আইচিবিএম আৰম্ভ কৰা হয় ।
সেইদিনা পুটিনৰ সৌজন্যত সমগ্ৰ বিশ্বই গম পালে যে ভাৰতৰো অস্ত্ৰভাণ্ডাৰত ব্ৰহ্মাস্ত্ৰ মজুত আছে । ভাৰতৰ অগ্নি-৫ এনে এটা এম আই আৰ ভি ক্ষেপণাস্ত্ৰ । এম আই আৰ ভি ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ বৈশিষ্ট্য হ’ল এবাৰ ইয়াক নিক্ষেপ কৰিলে লক্ষ্যৰ কাষ চাপি অহাৰ লগে লগে ই বিভিন্ন অংশত বিভক্ত হয় । ফলত ই একেলগে এটা নহয়, একাধিক লক্ষ্যত আঘাত কৰিব পাৰে । অৰ্থাৎ কোনো এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিলে সেই দেশৰ একাধিক চহৰ একে সময়তে আক্ৰমণ কৰিব পাৰি ।
ভাৰতৰ অগ্নি-৫ আৰু অগ্নি প্ৰাইম ক্ষেপণাস্ত্ৰও একেধৰণৰ এম আই আৰ ভি ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ আধাৰত নিৰ্মিত ক্ষেপণাস্ত্ৰ । ই ৫৫০০-৫৮০০ কিলোমিটাৰ দূৰলৈকে আক্ৰমণ কৰিব পাৰে । এটা মাত্ৰ ক্ষেপণাস্ত্ৰই ১৪খন চহৰক একেলগে ধ্বংস কৰিব পাৰে । ইতিমধ্যে ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘মিছন দিব্যাস্ত্ৰ’ৰ অধীনত যোৱা বছৰ অগ্নি-৫ আৰু অগ্নি-প্ৰাইমৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে । সেই পৰীক্ষাৰ সফলতাৰ লগে লগে ভাৰত বিশ্বৰ পাঁচখন শক্তিশালী দেশৰ লগত যুক্ত হৈছে ।
আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্স, চীনৰ পিছত এনে মাৰাত্মক ক্ষেপণাস্ত্ৰ কেৱল ভাৰতৰ হাতত আছে । এম আই আৰ ভি মিছাইল প্ৰযুক্তিৰ আধাৰত বেলিষ্টিক মিছাইল থকা ভাৰত বিশ্বৰ ষষ্ঠখন দেশ । সমগ্ৰ এছিয়া মহাদেশ এই ক্ষেপণাস্ত্ৰৰ পৰিসৰৰ ভিতৰত আহে । পাকিস্তানতো এটি শিশু, চীনৰ এক বৃহৎ অংশও এই ক্ষেপণাস্ত্ৰৰ পৰিসৰৰ ভিতৰত আছে । আনকি ইউৰোপৰ কিছুমান দেশ অগ্নি-৫ৰ পৰিসৰৰ অন্তৰ্গত । দক্ষিণ-পূব এছিয়াত শক্তিৰ ভাৰসাম্য ৰক্ষাৰ বাবে ভাৰতৰ বাবে অগ্নি-৫ সঁচা অৰ্থত এক ‘দিব্যাস্ত্ৰ’।