কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব নেকি লক্ষ্ণৌৰ অধিয়ানক ঋষভ পন্ট

Mar 27, 2025 | 5:36 PM

আই পি এলৰ সেই দৃশ্যটো পাহৰিব পাৰি নেকি ? নাই, কোনোপধ্যেই নোৱাৰি । যোৱা ছিজনৰ ঘটনা । আজিও অব্যাহত তাৰ চৰ্চা । বৰঞ্চ চলিছে জল্পনা-কল্পনা । একেই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়তো! এইবাৰ ফায়াৰিং স্কোৱাডৰ সন্মুখীন হ’ব নেকি পণ্ট ? আজি হঠাতে এই বিষয়ে ইমান আলোচনা কিয়?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নতুন ছিজনত অভিযান আৰম্ভ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ । সকলো দিশতে যেন নতুন । আই পি এলৰ মেগা নিলামত অভিলেখ গঢ়িলে লক্ষ্ণৌৱে । ২৭ কোটি টকাত ক্ৰয় কৰা হৈছিল ঋষভ পন্টক । দিয়া হৈছে অধিনায়কৰ দায়িত্ব । পন্ট কেৱল আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী ক্ৰিকেটাৰেই নহয়, অধিনায়কো । অভিলেখৰ লগতে বোনাছ হিচাপে আহিছে চাপৰ ভাৰ । দাম ২৭ কোটি । কিন্তু কি হতাশাজনক আৰম্ভণি !

নিজৰেই পূৰ্বৰ দল দিল্লী কেপিটেলছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে পন্টে । উইকেট ৰক্ষক-কেপ্তেইন-বেটাৰ । তিনিওটা ভূমিকাতে ফ্লপ । ৬টা বল বেটিং কৰি অৰ্জন কৰে শূন্য ৰাণ । উইকেট ৰক্ষক হিচাপে শেষৰ অভাৰত মিছ ষ্টাম্পিঙৰ সুযোগ । ১৩ অভাৰলৈকে লক্ষ্ণৌৱে খেলখন ৯০ শতাংশতকৈ অধিক নিয়ন্ত্ৰণত ৰাখিছিল । কিন্তু আশুতোষ শৰ্মাৰ বিধ্বংসী ইনিংছে দিল্লী কেপিটেলছক মাত্ৰ ১ উইকেটত জয়লাভ কৰাত সহায় কৰে । যদি ষ্টাম্পিং মিছ এটা কাৰক হয়, তেন্তে নেতৃত্বও এটা কাৰক । নহ’লে এই মেচখন হাতৰ পৰা নাযায়!

দিল্লীৰ হাতত শেষ মুহূৰ্তত পৰাজয়ৰ পিছতেই দৃষ্টি গোচৰ হয় এটা দৃশ্য । ঋষভ পন্টৰ সৈতে কথা পাতিছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুৰব্বীয়ে । মাত্ৰ এটাই সকাহ, দুয়োৰে মুখত হাঁহি । কিন্তু যোৱাবাৰৰ সেই দৃশ্যটোৰ পিছত আলোচনা আৰম্ভ হ’ল । ঋষভ পন্টৰ অৱস্থা কে এল ৰাহুলৰ দৰে হ’ব নেকি?