IPL 2025, Kavya Maran: কাব্যাৰ ৰূপমন্ত্ৰ কি? জানি আচৰিত হ’ব চমকৰ আঁৰৰ কাহিনী

| Apr 25, 2025 | 8:47 PM

অৰেঞ্জ আৰ্মিৰ মেচ থাকিলে গেলেৰীত দেখা যায় কাব্যাক । কাব্যা হৈ পৰিছে বহুতৰে সপোন সুন্দৰী । আই পি এলৰ নিলামৰ পৰা আৰম্ভ কৰি টুৰ্ণামেন্টলৈকে চৰ্চাত থাকে কাব্যা । দল জিককেই বা হাৰকেই কাব্যাৰ গ্লেমাৰত কমি নাই । এই গ্লেমাৰৰ ৰহস্য কি?

IPL 2025: আই পি এল কেৱল ক্ৰীড়া নহয়, বিনোদন আৰু গ্লেমাৰৰো মঞ্চ । ২২ গজত বেটাৰে ছয়-চাৰিৰ জোৱাৰ তুলি দৰ্শকক আমোদ দিয়ে । বলাৰে ইটোৰ পিছত সিটো উইকেট দখল কৰি মেচৰ গতি সলাই আচৰিত কৰে সকলোকে । আৰু গেলাৰীও যিহেতু খেলৰেই অংশ, তাতো থাকে বিনোদনৰ থল । গেলাৰীত বিপয়ি থাকে গ্লেমাৰৰ আকৰ । সেই আকৰেৰেই সকলোকে মোহিত কৰে কলানীতি মাৰণৰ কন্যা কাব্যাই । হায়দৰাবাদৰ ক্ৰিকেটাৰে ভাল প্ৰদৰ্শন কৰিলে গেলাৰীত উল্লাসিত হৈ পৰে কাব্যা । দল পৰাস্ত হ’লে তেওঁৰ মুখত স্পষ্ট হৈ পৰে হতাশাৰ চিন । কেতিয়াবা যদি খেলপথাৰত আন কেতিয়াবা ড্ৰেছিম ৰূমত দলৰ ক্ৰিকেটাৰৰ সৈতে দেখা যায় কাব্যাক । কেতিয়াবা আনন্দিত কেতিয়াবা চিন্তিত । ইয়াৰ মাজতো কাব্যাৰ মুখৰ শোভা জিলিকি থাকে । কাব্যাৰ সৌন্দৰ্যৰ আঁৰৰ কাহিনী পোহৰলৈ আহিছে ।