কলিমা কি? কিয় পহলগামত সন্ত্ৰাসবাদীয়ে কলিমা পাঠ কৰিব দিছিল?

Apr 26, 2025 | 7:42 PM

কলিমা পাঠ কৰাৰ অৰ্থ হৈছে আল্লাহৰ ইবাদত বিশেষ ধৰণে কৰা । “লা ইলাহা ইল্লাল্লাহ, মহম্মদৰ ৰছুলুল্লাহ” – অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো ভগৱান নাই ।

২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ প্ৰাণহানি হয় । সেইদিনা হাতত প্ৰাণ লৈ ঘৰলৈ উভতি অহা বহু পৰ্যটকে কয় যে আক্ৰমণকাৰীয়ে তেওঁলোকৰ ধৰ্মীয় পৰিচয় জানিব বিচাৰিছিল । তেতিয়াই আৰম্ভ হ’ল আক্ৰমণ । কিছুমানক কলিমা পাঠ কৰিবলৈও কোৱা হৈছিল । কিন্তু এই কলিমা কি?

কলিমা পাঠ কৰাৰ অৰ্থ হৈছে আল্লাহৰ ইবাদত বিশেষ ধৰণে কৰা । “লা ইলাহা ইল্লাল্লাহ, মহম্মদৰ ৰছুলুল্লাহ” – অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো ভগৱান নাই । কেৱল আল্লাহকহে ইবাদত কৰা উচিত । হজৰত মহম্মদ আল্লাহৰ ৰছুল । তেওঁৱেই আমাৰ ওচৰলৈ ঈশ্বৰৰ বাৰ্তা প্ৰেৰণ কৰে । নাখোদা মছজিদৰ ইমাম মৌলানা মহম্মদ শ্বফিক কাছমীয়ে কয়, “কাৰোবাক ইছলাম ধৰ্ম গ্ৰহণ কৰাবলৈ কলিমা পাঠ কৰিব লাগে । কলিমা পাঠ কৰিলে মন শান্ত হয় । ‘গুণাহ’ বা পাপ মোচন হয় । মুছলমানৰ বাবে ই অতি পবিত্ৰ ।”