Rafale Marine Jet : ভাৰতে হঠাৎ কিয় ২৬ খন যুদ্ধ বিমান ক্ৰয় কৰিছে?
এই বিশেষ ৰাফেল এম যুঁজাৰু বিমানখন বিমানবাহী জাহাজত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ইয়াত শক্তিশালী লেণ্ডিং গিয়াৰ, এৰেষ্টাৰ হুক, আৰু এটা উন্নত চেন্সৰ চিষ্টেম আছে। যিটো সাগৰৰ বুকুৰ পৰা অপাৰেচনৰ বাবে উপযোগী। এই বিমানে বিভিন্ন আধুনিক অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াই নিবলৈ সক্ষম।
প্ৰতিৰক্ষা বিভাগক শক্তিশালী কৰাত ব্যস্ত মোদী চৰকাৰ। সেই প্ৰকল্পৰ অধীনত ভাৰতে ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধিৰ বাবে ২৬ খন ৰাফেল-এম যুদ্ধ বিমান ক্ৰয় কৰিছে। যাৰ বাবে ব্যয় হৈছে প্ৰায় ৬৪ হাজাৰ কোটি টকা। এই চুক্তিত বিমানখনৰ ৰক্ষণাবেক্ষণ, প্ৰশিক্ষণ আৰু প্ৰযুক্তি হস্তান্তৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দেশৰ প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়নত সহায় কৰিব। এই যুদ্ধ বিমানকেইখনে দেশৰ সামৰিক শক্তিক এক নতুন স্তৰলৈ লৈ যাব। কিন্তু আপুনি জানেনে, ভাৰতে কিয় হঠাৎ ইমান টকা খৰচ কৰি ২৬ খন যুদ্ধ বিমান ক্ৰয় কৰিছে?
এই বিশেষ ৰাফেল এম যুঁজাৰু বিমানখন বিমানবাহী জাহাজত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ইয়াত শক্তিশালী লেণ্ডিং গিয়াৰ, এৰেষ্টাৰ হুক, আৰু এটা উন্নত চেন্সৰ চিষ্টেম আছে। যিটো সাগৰৰ বুকুৰ পৰা অপাৰেচনৰ বাবে উপযোগী। এই বিমানে বিভিন্ন আধুনিক অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াই নিবলৈ সক্ষম।
এই চুক্তিৰ জৰিয়তে ভাৰতীয় নৌসেনাই নিজৰ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যৰ (INS Vikramaditya) সামৰ্থও কেইবাগুণো বৃদ্ধি কৰিব। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে দাবী কৰিছে যে, বৰ্তমান ব্যৱহৃত MiG-29K বিমানতকৈ ৰাফেল এম বিমান প্ৰযুক্তিগতভাৱে অধিক উন্নত।