‘অসাধৰণ’ হ’ব সাধাৰণ টিকট! সলনি হ’ব নেকি ৰে’লৱেৰ জেনেৰেল টিকটৰ নিয়ম?

Feb 21, 2025 | 4:53 PM

Railway General Ticket Rule Changed: ৰে'লৱে জেনেৰেল টিকটত ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে নিয়ম সলনি কৰিব পাৰে। ইয়াৰ ফলত জেনেৰেল টিকটক লৈ ভ্ৰমণকাৰীসকলৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিছে জানক।

ভাৰতত লাখ লাখ লোকে দৈনিক ৰে’লযোগে যাত্ৰা কৰে। কিছুদিন পূৰ্বে যাত্ৰীসকলৰ বৃহৎ ভিৰৰ বাবে নতুন দিল্লীৰ ৰে’ল ষ্টেচনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ঘটনাত, ১৮ জন লোকে প্ৰাণ হেৰুৱাইছিল। এতিয়াও সেই ঘটনাৰ তদন্ত চলি আছে। ইফালে, জেনেৰেল টিকট লৈ ভ্ৰমণ কৰা সকলৰ বাবে ৰে’লৱেই নিয়ম সলনি কৰিব বুলি খবৰ পোৱা গৈছে।

ৰে’ল মন্ত্ৰালয়ে এতিয়া জেনেৰেল টিকট বুকিঙৰ চৰ্ত সলনি কৰাৰ কথা ভাবি আছে। জেনেৰেল টিকটত ৰে’লৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব। বৰ্তমানলৈ এনেকুৱা কৰা হোৱা নাই। যদি টিকটত ৰে’লখনৰ নাম লিখা হয়, যাত্ৰীসকলে ৰে’লখন সলনি কৰিব নোৱাৰিব। ইয়াৰোপৰি জোনেৰেল টিকটৰ বৈধতা থাকে। টিকট বুকিং কৰাৰ ৩ ঘণ্টাৰ ভিতৰত যাত্ৰা আৰম্ভ কৰিব লাগে, নহ’লে টিকটটো অবৈধ হৈ পৰে।